এই কিতাপখনৰ দুখন বেটুপাতৰ মাজত ভাৰতবৰ্ষৰ মহাকাশ আৰু চন্দ্ৰযান অভিযানৰ ঐতিহ্যমণ্ডিত ইতিহাস আৰু মনোমুগ্ধকৰ বৰ্তমানক সংক্ষেপত ডাঙি ধৰিবলৈ চেষ্টা কৰিছে লেখকে। ষাঠি বছৰ আগতেই যি ইতিহাসৰ সূচনা হৈছিল, অসংখ্য প্ৰতিকূলতাৰে পৰিপূৰ্ণ পথ অতিক্ৰম কৰি তাৰেই প্ৰথম উজ্জ্বল সাফল্য দেশবাসীক উপহাৰ দিছিল হাৰ-নমনা ভাৰতীয় মহাকাশ বিজ্ঞানী সকলে— বৰ্তমানে চন্দ্ৰৰ মাটিত উৰি আছে ভাৰতবৰ্ষৰ পতাকা। মহাকাশ গৱেষণাত আজি প্ৰথম শাৰীত প্ৰতিষ্ঠিত হৈছে ভাৰতবৰ্ষৰ নাম, ঢাপে ঢাপে আগুৱাই যোৱাৰ সেই উত্তৰণৰ কাহিনী আজিৰ প্ৰজন্মই জনাটো অত্যন্ত প্ৰয়োজন।
| ISBN: | 978-81-988086-5-3 |
| Publish Date: | 24-07-2025 |
| Page: | 112 |
| Language: | Assamese |
| Binding: | Hard Board |