অসমৰ সকলোবোৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে অসমীয়া ভাষাত এতিয়ালৈকে সৌম্যদ্বীপ দত্তৰ এইখন কিতাপেই একমাত্ৰ কিতাপ৷ লেখকে এইখন গ্ৰন্থত অকল অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানবোৰৰ তথ্য দিয়াটো যথেষ্ট বুলি অনুভৱ কৰা নাই বৰঞ্চ এই অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানবোৰৰ সংৰক্ষণৰ বিভিন্ন দিশ কিতাপখনত আলোচনা কৰিছে৷ প্ৰতিখন অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ বিশেষ বন্যপ্ৰাণীৰ কথাও উল্লেখ কৰিছে৷ এই কিতাপখনৰ মাজেৰে পাঠকে অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ মাধ্যমেৰে বন্যপ্ৰাণী সংৰক্ষণৰ সফল ধাৰণাটো অনুভৱ কৰিবলৈ সুবিধা পাব৷ স্তন্যপায়ী বন্যপ্ৰাণী, বনৰীয়া চৰাই, উভচৰ আৰু সৰীসৃপ, পোক-পতঙ্গ আদিকে ধৰি সকলো ধৰণৰ বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্বৰ কথা কিতাপখনত কোৱা হৈছে৷ অসমৰ অৰণ্য তথা বন্যপ্ৰাণী সম্পৰ্কে আগ্ৰহী যিকোনো ব্যক্তিৰ বাবে এইখন এখন গুৰুত্বপূৰ্ণ কিতাপ হিচাপে বিবেচিত হ’ব৷ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই কিতাপ আৱশ্যকীয় পাঠ বুলি বিবেচিত হ’ব৷ এইখন কিতাপত বন্যপ্ৰাণীৰ কিছুমান অসাধাৰণ ৰঙীন ছবি সন্নিবিষ্ট কৰা হৈছে৷ উল্লেখযোগ্য যে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াই কিতাপখনৰ প্ৰথমতেই কিতাপখনৰ পাঠক তথা প্ৰকৃতিৰ প্ৰতি আগ্ৰহীসকলৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে৷ আমাৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানবোৰত কি কৰা উচিত আৰু কি কৰা অনুচিত সেই কথাবোৰ কিতাপখনত আলোচনা কৰা হৈছে৷ অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত পোৱা স্তন্যপায়ী বন্যপ্ৰাণী আৰু বনৰীয়া চৰাইৰ এখন তালিকা কিতাপখনত আছে৷ অসমৰ অগ্ৰণী প্ৰকৃতি সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ কাম-কাজৰ এটা সংক্ষিপ্ত আলোচনা কিতাপখনত কৰা হৈছে৷ কিতাপখনৰ মুঠ পৃষ্ঠা - ৪০০, ৰঙীন বেটুপাত আৰু অভ্যন্তৰত অসংখ্য ছবি আছে৷
| ISBN: | 978-81-982286-5-9 |
| Publish Date: | 01-01-2025 |
| Page: | 400 |
| Language: | Assamese |
| Binding: | Soft Case |