সেই প্ৰাচীনকালৰ পৰাই আমাৰ ভাৰতবর্ষ বাৰেবাৰে বিধ্বস্ত হৈছে, লুণ্ঠিত হৈছে, লাঞ্ছিত হৈছে। ভাৰতবর্ষ আক্ৰমণকাৰীবোৰৰ স্বর্গ ৰূপে চিহ্নিত কৰা হৈছে। ভাৰতৰ ধন-সম্পদ, কৃষি উপযোগী উর্বৰ নদী উপত্যকাই সিহঁতক আকৃষ্ট কৰিছিল। কিন্তু ভাৰতৰ বহু বীৰ সন্তানে নিজ মাতৃভূমি, ধর্ম আৰু সংস্কৃতিক ৰক্ষা কৰাৰ বাবে হাতত তুলি লৈছিল অস্ত্র, যুদ্ধ কৰিছিল সেই দস্যু-দানৱবোৰৰ সৈতে। তেওঁলোকৰ কোনোবা জয়ী হৈছিল, কোনোবাই আকৌ যুদ্ধক্ষেত্রত প্রাণ বিসর্জন দিছিল। তেওঁলোক সকলোৱেই পুণ্য স্মৰণীয়। কিন্তু ইতিহাসে তেওঁলোকৰ প্রতি সুবিচাৰ কৰা নাই। ভাৰতৰ ইতিহাস মূলতঃ বৈদেশিক আক্রমণকাৰী আৰু শাসকবোৰৰ ইতিহাস হৈহে থাকি গৈছে; বিস্মৃতিৰ ধূলিৰে ঢাক খাই পৰিছে৷ বিদেশী আক্রমণকাৰীবোৰৰ বিৰুদ্ধে ভাৰতমাতাৰ সেইসকল সন্তানৰ বীৰত্বৰ কাহিনী এই গ্ৰন্থখন।
| ISBN: | 978-81-992961-9-0 |
| Publish Date: | 25-07-2025 |
| Page: | 96 |
| Language: | Assamese |
| Binding: | Hard Board |